Daily Time Axom

লখিমপুৰৰ ৰঙাজান চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

38

নিউজ ডেস্ক, ২ নৱেম্বৰঃ লখিমপুৰ বাইপাছ ৰঙাজান চাৰিআলিত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত। নিহত যুৱক জনৰ নাম নুৰুল ইছলাম। নুৰুল ইছলামে এখন পালচাৰ বাইকেৰে আহি থকা অৱস্থাত একে দিশৰ পৰা অহা AR01H0485এ নম্বৰৰ আই টুৱেন্টি বাহনখনে খুন্দা মাৰে।
এই ঘটানাত ক্ষুদ্ধ হৈ পৰে স্হানীয় লোক। ইয়াৰপিছতেই পথ অৱৰোধ কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজক আঁতৰাবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। প্ৰায় এঘন্টাযোৰা উৎকন্ঠাৰ অন্তত আৰক্ষীৰ বুজনিত পথ মুকলি কৰি দিয়ে উত্তেজিত ৰাইজে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগতে বাহনখনৰ চালকক আৰক্ষীয়ে আটক কৰে । দুৰ্ঘটনাগস্ত পালচাৰ বাইক খনৰ নম্বৰ AS 07 M 2088 l

Comments are closed, but trackbacks and pingbacks are open.