মঞ্চত এখন শ্বাস ৰুদ্ধকাৰী নাটকৰ ক্লাইমেক্স । হঠাৎ অভিনেতা অভিনেত্ৰী হ’ল বাকৰূদ্ধ । মঞ্চৰ পৰা আতৰি গ’ল শিল্পীসকল । দুই একৰ বাহিৰে ধৰিবই নোৱাৰিলে আচলতে হ’ল কি । ঘোষণা অবিহনেই বহু সময় শূন্য হৈ পৰিল মঞ্চ । ইতিহাস থিয়েটাৰত নিশা নাট মঞ্চস্থ অবস্থাত ঘটিল অঘটন । হঠাৎ মঞ্চত শ্বাসৰুদ্ধকাৰী অভিনয়ৰ মাজতে নাটকীয়ভাবে বন্ধ হ’ল নাটৰ অভিনয় । মঞ্চৰ তক্তা ভাঙি নৃত্য শিল্পীৰ ভৰি সোমাল গাঁতত । উত্তৰ গুৱৱাহাটী ৰংমহলত নিশা অন্তিম দিনৰ নাট মঞ্চস্থ হৈছিল । আহত নৃত্য শিল্পী কাকু ৰাভাক জি এন আৰ চিলৈ প্ৰেৰণ কৰে নাট আমন্ত্ৰকসকলে ।
ভৰিত যথেষ্ট আঘাট পাইছে শিল্পীগৰাকীয়ে । স্বনামধন্য অভিনেতা মৃদুল ভূঞাৰ লগত একেলগে নৃত্য কৰি থাকোতেই এই অঘটন সংঘটিত হ’ল । নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ “মৰম বিছাৰি যাওঁ ব’লা নাটখনৰ অন্তিমৰ ফালে হয় এই দুৰ্ঘটনা ।