যিমানেই বিতৰ্কৰ সৃষ্টি নহওক কিয়, উৰ্ফি জাভেদে মুখ বন্ধ নকৰে। যোৱা কেইসপ্তাহমানৰ পৰা উৰ্ফীয়ে অনুৰাগীসকলক ডেটিং সম্পৰ্কে বিভিন্ন টিপছ দিছে। তেওঁৰ কথা শুনি নেটিজেনসকল একেবাৰে স্তম্ভিত হৈ পৰে!
শেহতীয়াকৈ এগৰাকী মহিলাই ইনষ্টাগ্ৰামত দাবী কৰিছে যে নিয়মীয়াকৈ যৌন সম্পৰ্ক স্থাপন কৰিলে শৰীৰত বয়সৰ ছাপ পৰিব। এই মহিলাগৰাকীৰ এই ভিডিঅ’টোৱেও উৰ্ফি জাভেদৰ দৃষ্টি আকৰ্ষণ কৰিছে। উৰ্ফিয়ে স্পষ্টকৈ কয় যে, এই ভিডিঅ’টো একেবাৰেই আওকাণ কৰক। কাৰণ বয়সৰ লগত যৌন সম্পৰ্ক নাই। আনহাতে উৰ্ফীয়ে চিকিৎসকৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কয় যে নিয়মীয়াকৈ সংগম কৰিলে মহিলাৰ ছালৰ উজ্জ্বলতা সাতগুণ বৃদ্ধি পায়। যৌন সম্পৰ্কই এণ্ড’ৰ্ফিন নিৰ্গত কৰে যিয়ে টোপনিৰ সহায় কৰাৰ লগতে মানসিক চাপ কমায়, মুঠতে মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও যৌন সম্পৰ্কই কেৱল ৰক্ত সঞ্চালন স্বাভাৱিক কৰাই নহয় ছালৰ জিলিকনি বৃদ্ধিতো সহায় কৰে।”