Daily Time Axom

জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্ভাৱক (অপাৰেটৰ)মুনীন্দ্ৰ মালীক বিদায় সম্বৰ্ধনা

0 41

বিশ্বনাথৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত উদ্ভাৱক (অপাৰেটৰ) হিচাপে সেৱা আগবঢ়াই অহা মুনীন্দ্ৰ মালীক আজি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা ৩১ অক্টোবৰ,২০২২ তাৰিখে কাৰ্যালয়টোৰ উদ্ভাৱক মুনীন্দ্ৰ মালীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে । সেই উপলক্ষে আজি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাখনিত জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়া, কোষাগাৰ প্ৰাধিকাৰী তপনজিৎ ডেকা, সহকাৰী পৰিকল্পনা বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মাৰ লগতে বিভাগটোৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলে উপস্থিত আছিল আৰু বিদায়ী কৰ্মচাৰী মুনীন্দ্ৰ মালীক গামোচা, সম্বৰ্ধনা পত্ৰ শৰাই আৰু পেঞ্চন আৰু অৱসৰকালীন ধনৰাশিৰ সম্পৰ্কিত নথিপত্ৰও প্ৰদান কৰা হয়। সাধাৰনতে কৰ্মচাৰী এজনে অৱসৰৰ পাছত পেঞ্চন আৰু অৱসৰকালীন ধনৰাশি পাবৰ বাবে কাৰ্যালয়লৈ তাঁতবাতি কৰি থাকিব লগা হয় যদিও মুনীন্দ্ৰ মালীক আজি অৱসৰৰ দুদিন পিছতে অনুষ্ঠিত বিদায়ী সম্বৰ্দ্ধনা সভাতে পেঞ্চনৰ সমস্ত নথি পত্ৰ হাতত তুলি দিয়া হয়। উল্লেখ্য যে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অথবা কাৰ্যালয়টোৰ চৌহদত থকা কাৰ্যালয়সমুহৰ ভিতৰত কৰ্মৰত কৰ্মচাৰীৰ অৱসৰৰ লগে লগেই পেঞ্চনৰ নথি পত্ৰ বিদায়ী সভাতে এইদৰে প্ৰদান কৰা মুনীন্দ্ৰ মালীয়ে প্ৰথমগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বুলি সভাত অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াই প্ৰকাশ কৰে। আজিৰ বিদায়ী সভাত জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়কদ্বয় পবন কুমাৰ নাথ, ৰণজিৎ শইকীয়া, কৰ্মচাৰী তিলক নাথ প্ৰমুখ্যে কেইবাগৰাকীয়ে নাতি দীৰ্ঘ ভাষণ প্ৰদান কৰি মুনীন্দ্র মালীক বিদায় সম্ভাষন জনায়। উল্লেখযোগ্য যে, বৰ্তমান কামৰূপ (গ্ৰাম্য) জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিত ১৯৬৩ চনৰ ৩১ অক্টোবৰত জন্ম গ্ৰহণ কৰি স্কুলীয়া শিক্ষাৰ অন্তত ১৯৮৫ চনৰ ৩০ এপ্ৰিলত তথ্য আৰু জনসংযোগ বিভাগৰ গুৱাহাটীস্হিত সঞ্চালকৰ কাৰ্যালয়ত এগৰাকী ‘ইউনিট বয়’ৰূপে যোগদান কৰি মুনীন্দ্ৰ মালীয়ে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ ১ এপ্ৰিল, ১৯৮৯ তাৰিখে যোৰহাটৰ আঞ্চলিক কাৰ্যালয়লৈ একে পদতে বদলি হয় আৰু ১ আগষ্ট, ২০১৭ তাৰিখে বিশ্বনাথ জিলাৰ তদানীন্তন মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ উদ্ভাৱক (অপাৰেটৰ)ৰূপে পদোন্নতিসহ বদলি হৈ কৰ্মত যোগদান কৰে। অৱসৰ দিন পর্যন্ত জনসংযোগ বিভাগৰ বিভিন্ন কার্যালয়ৰ সুদীৰ্ঘ ৩৭ বছৰ ৬ মাহ ১ দিন মূল্যবান সময় নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰিছিল।

Leave A Reply

Your email address will not be published.