মহাকাশলৈ প্ৰেৰণ কৰা চীনৰ ৰকেটে নিয়ন্ত্ৰণ হেৰুৱাই, ২৩ টনৰ বস্তু পৃথিৱীত ভাঙি পৰাৰ সম্ভাৱনা !

চীনে পুনৰ ৰকেট নিক্ষেপ কৰি বিশ্বৰ উদ্বেগ বৃদ্ধি কৰিলে! ৩১ অক্টোবৰত চীনৰ মহাকাশ সংস্থাটোৱে ‘লং মাৰ্চ’ নামৰ ৰকেট নিক্ষেপ কৰে। এই ৰকেটৰ জৰিয়তে চীনে টিয়াংগং মহাকাশ কেন্দ্ৰলৈ বিভিন্ন সামগ্ৰী প্ৰেৰণ কৰিছে। চীনৰ মহাকাশ সংস্থাটোৰ মতে, মহাকাশ কেন্দ্ৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ এইটোৱেই তেওঁলোকৰ শেষ পদক্ষেপ। কিন্তু জনা যায় যে সফল উৎক্ষেপণৰ পিছতো ৰকেটৰ এটা অংশ চীনৰ মহাকাশ সংস্থাৰ নিয়ন্ত্ৰণত নাই। অৰ্থাৎ আকৌ এবাৰ ৰকেটখনৰ ২৩ টন ওজনৰ এটা অংশ পৃথিৱীৰ কোনোবা ঠাইত দুৰ্ঘটনাগ্ৰস্ত হ’বলৈ গৈ আছে।

এই প্ৰসংগত চীনৰ মহাকাশ সংস্থাটোৰ বিষয়া টেডে কয় যে মহাকাশযানখনৰ এটা অংশ ভাঙি যোৱাৰ পিছত পুনৰ এই ঘটনা ৰোধ কৰাৰ বাবে তেওঁলোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। মুলহাউপ্টৰ মতে, বিশ্বৰ ৮৮ শতাংশ জনসংখ্যাৰ বিপদ কম হৈয়েই আছে। যদিও তেওঁ বিশ্ববাসীক আশ্বাস দিলে, এই ঘটনাৰ বাবে কাৰো প্ৰাণ হেৰাই নাযায়। মহাকাশ সংস্থাটোৱে ৰকেটৰ ভঙা অংশ ক’ত পৰিব পাৰে সেই কথা আগতীয়াকৈ জনোৱাৰ পিছতো বিপদৰ সম্ভাৱনা নুই কৰা নাই।

প্ৰসংগক্ৰমে ২০২১ চনৰ এপ্ৰিল মাহত ইয়াৰ পূৰ্বে ৫ৰ পৰা ৯ টন ওজনৰ লং মাৰ্চ মহাকাশযানৰ এটা অংশ ভাৰত মহাসাগৰত ভাঙি পৰিছিল। লগতে ২০২০ চনত চীনৰ মহাকাশযানৰ এটা সৰু অংশ আইভৰি কোষ্টত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কোৱা হৈছে। মহাকাশ বিজ্ঞানীৰ এটা দলে এই ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আইন প্ৰণয়ন কৰাটো প্ৰয়োজনীয় বুলি ভাবে। তেওঁলোকে ভাবে যে সকলো দেশেই এই আইন মানি চলিবলৈ বাধ্য হ’ব লাগে।

AssamDaily time axomIndiaInternational
Comments (0)
Add Comment