Daily Time Axom

গুজৰাটত আপৰ মুখ্যমন্ত্রী পদৰ প্রার্থী ইছুদান গড়বী কোন ?

0 45

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ইছুদন গড়বীৰৰ নাম ঘোষণা কৰিছে আম আদমী পাৰ্টিয়ে। যোৱা সপ্তাহত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে গুজৰাটৰ ৰাইজক এছএমএছ, ইমেইল, ভইচ মেইল, হোৱাটছএপ মেছেজৰ জৰিয়তে নিজৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছিল। তেওঁ অৱগত কৰে যে ৩ নৱেম্বৰৰ নিশালৈকে এই প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব। সেই ভোটৰ ভিত্তিত আপে ইছুদানক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে বাছি লৈছিল। ইয়াৰ পূৰ্বেও পঞ্জাৱ নিৰ্বাচনৰ পূৰ্বেও ভগৱন্ত সিং মানক একে ধৰণে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হৈছিল।

ৰাজনীতিৰ ক্ষেত্রত ইছুদন ডাঙৰ নাম নহ’লেও প্রাক্তন সংবাদ এংকৰ হিচাপে তেওঁ গুজৰাটত অতি জনপ্ৰিয় নাম। ‘যোজনা’ নামৰ জনপ্ৰিয় দূৰদৰ্শন অনুষ্ঠানৰ জৰিয়তে তেওঁ পেছাদাৰী জীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ ২০০৭ চনৰ পৰা ২০১১ চনলৈ পোৰবন্দৰত ইটিভি গুজৰাটীৰ অন-ফিল্ড সাংবাদিক হিচাপে কাম কৰে। ডাং আৰু কাপাৰাদা তালুকত অবৈধভাৱে গছ কটাৰ ক্ষেত্ৰত ১৫০ কোটি টকাৰ ব্যাপক দুৰ্নীতিৰ তদন্তৰ বাবে তেওঁ বহুলভাৱে পৰিচিত হৈ পৰিছিল। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ভিটিভি গুজৰাটীত ‘মহামন্তন’ নামৰ আন এটা জনপ্ৰিয় প্ৰাইম টাইম টিভি শ্ব’ আয়োজন কৰিছিল।

২০২১ চনৰ জুন মাহত কেজৰিৱালে আহমেদাবাদৰ আপ গুজৰাটৰ ৰাজ্যিক মুখ্য কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছিল। সেই সময়ত ইছুদান ঘৰবীয়ে কেজৰিৱালৰ উপস্থিতিত আপত যোগদান কৰিছিল।

দ্বাৰকা জিলাৰ এটা ধনী কৃষক পৰিয়ালত জন্ম ইছুদান গড়বীৰ। প্ৰসংগক্ৰমে গড়ৱী জাতি গুজৰাটৰ অন্যান্য পিছপৰা জাতি বা অ’বিচিৰ অন্তৰ্গত। গুজৰাটৰ বৈধ ভোটাৰৰ ৪৮ শতাংশই অ’বিচি। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে গড়বী নিজৰ জনপ্ৰিয়তাৰ লগতে তেওঁৰ জাতিগত পৰিচয়ে গুজৰাটত আপৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰিব। ১৮২খন আসনৰ গুজৰাট বিধানসভাত এই পৰ্যন্ত আপে ১১৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.