Daily Time Axom

অস্কাৰলৈ অসমীয়া চুটি ছবি

0 46

সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (SRFTI)ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত এখন অসমীয়া চুটি ছবি অস্কাৰলৈ যাব। ছবিখনৰ নাম ‘মোৰ ঘোৰাৰ দূৰন্ত গতি’ (স্বৰ্গৰ পৰা অহা ঘোঁৰা)। ১৫ মিনিটৰ এই চুটি ছবিখন পৰিচালনা কৰিছিল মহৰ্ষি তুহিন কাশ্যপে।

বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা এই চুটি ছবিখনে ৯৫ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি শাখাৰ বাবে মনোনীত হয়।


মহৰ্ষিয়ে অসমৰ প্ৰাচীন লোক-সংস্কৃতিৰ বিষয় বাছনি কৰি ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল। এই SRFTI তৃতীয় বৰ্ষৰ ছাত্ৰজনৰ সহপাঠী অৰ্ণব লাহা এই ছবিখনৰ চিনেমাট’গ্ৰাফাৰ। চাউণ্ড ডিজাইনাৰ অৰ্ণব বৰা আৰু সোমনাথ গগৈ। সম্পাদনা কৰিছে পুলকিট ফিলিপ। ভৱিষ্যতে এখন পূৰ্ণদৈৰ্ঘ্য ছবি নিৰ্মাণৰ পৰিকল্পনাও আছে।

Leave A Reply

Your email address will not be published.