Daily Time Axom

আক্ৰমণৰ আঁৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী!ইমৰাণৰ চাঞ্চল্যকৰ দাবী

0 24

বৃহস্পতিবাৰে বিয়লি পাক্ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰা হয়।আৰু এই আক্ৰমণৰ আঁৰত বৰ্তমানৰ পাক্ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ!ইমৰাণ দলৰ নেতাই নাম উল্লেখ কৰা তিনিজন সন্দেহযুক্ত লোকৰ ভিতৰত শ্বাহবাজ অন্যতম। আনকি পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ বাহিৰেও ইমৰানে দাবী কৰিছিল যে এই আক্ৰমণৰ আঁৰত স্বৰাজ মন্ত্ৰী ৰানা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফৈজল নাছিৰ আছে। এই কথা ক’লে ইমৰাণৰ ঘনিষ্ঠ আছাদ উমৰে। ভিডিঅ’ মেছেজত উমৰে ​​দাবী কৰিছে যে ইমৰানে তেওঁলোকক চিকিৎসালয়ৰ পৰাই ফোন কৰিছিল। ইয়াৰ পিছত তেওঁলোকক এই কথা কোৱা। দাবী কৰা হৈছে যে ইমৰাণৰ ওপৰত আক্ৰমণ চলাব পাৰে বুলি ইতিমধ্যে তেওঁ খবৰ পাইছিল। উমৰে ভিডিঅ’ বাৰ্তাযোগে কয়, “তেওঁ (ইমৰানে) কৈছিল যে সেই তিনিজন লোক এই আক্ৰমণত জড়িত আছিল।” শ্বাহবাজ শ্বৰীফ, ৰানা ছানাউল্লাহ, মেজৰ জেনেৰেল ফৈজাল।ইমৰানেও তেওঁলোকৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায়। উমৰে দাবী কৰে যে ইমৰানে তেওঁলোকক এই তথ্য দেশবাসীক অৱগত কৰিবলৈ কৈছিল।
বৃহস্পতিবাৰে পঞ্জাৱ প্ৰদেশত ইমৰাণৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত গৃহমন্ত্ৰীৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে শ্বাহবাজে। লগতে ইমৰাণৰ আশু আৰোগ্য কামনা কৰে।

Leave A Reply

Your email address will not be published.