লামডিং ৰে’লৱে জংচনত RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ লামডিং ৰে’লৱে জংচনত টকাৰ উজান। RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ।

১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে’লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা উদ্ধাৰ হৈছে ধনখিনি।

এই ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, শৰ্মিলা মাহাতু নামৰ এগৰাকী মহিলাই এই টকাখিনি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ৷ ৰে’ল আৰক্ষীয়ে সমগ্র বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীয়ে কোনো ব্যক্তিৰ ক’লা ধন সৰবৰাহ কৰা নাইবা কৰ ফাকি দিয়াৰ উদ্দেশ্যৰে এইদৰে ৰে’লযোগে এই বৃহৎ ধনৰাশিসমূহ সৰবৰাহ কৰা বুলি সন্দেহ কৰিছে ৷

AssamDaily time axomIndiaLumbdingMoneyRPFSiezed