আজি সুধাকন্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ ১১ সংখ্যক মৃত্যুবাৰ্ষিকী

নিউজ ডেস্ক, ৫ নৱেম্বৰঃ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ আজি ১১ সংখ্যক মৃত্যুবাৰ্ষিকী। আজি দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক।

ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত হৈছিল। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ৮৫ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ৫ নৱেম্বৰ, ২০১১ তাৰিখে মৃত্যু হয়।

বহু-প্ৰতিভাশালী ভূপেন হাজৰিকা মূলতঃ এজন অসমীয়া ভাষাৰ সংগীতজ্ঞ-গীতিকাৰ আৰু গায়ক আছিল, কিন্তু তেওঁ হিন্দীতো বহুতো বিখ্যাত গান উপহাৰ দি থৈ গৈছে।ভূপেন হাজৰিকাই নিজেই লিখিছিল, নিজেই ৰচনা কৰিছিল আৰু নিজে গান গাইছিল।

অসংখ্য কালজয়ী গীত আমাক দি থৈ যোৱা ভূপেন হাজৰিকা সদায় জীয়াই থাকিব আমাৰ মাজত।

AssamAssamese SingerBhupen HazarikaDaily time axomDeath AnniversaryGuwahatiIndia