গুজৰাট বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ ওলাইছে পাকিস্তানৰ প্ৰায় ১০৩২ জন হিন্দু শৰণাৰ্থীয়ে

পাকিস্তানৰ পৰা প্ৰায় ১০৩২ জন হিন্দু শৰণাৰ্থীয়ে এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ ওলাইছে। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি আহমেদাবাদৰ ডি এম য়ে যোৱা ৫ বছৰত সকলো শৰণাৰ্থীকে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে। ২০১৬ চনৰ পৰা আহমেদাবাদৰ ডি এম গৰাকীয়ে পাকিস্তানৰ পৰা অহা ১০৩২ জন হিন্দুক নাগৰিকত্ব দিয়াৰ কাম অব্যাহত ৰাখিছে। পাকিস্তানত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বাবেই হিন্দুসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল।

২০১৬ আৰু ২০১৮ চনৰ গেজেট অনুসৰি আহমেদাবাদ, গান্ধীনগৰ আৰু ভূজৰ ডি এম সকলে নাগৰিকত্ব প্ৰদানৰ অধিকাৰ লাভ কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যৰ চোৰাংচোৱা সংস্থা পৰীক্ষা কৰি হিন্দু, শিখ, খ্ৰীষ্টান আৰু পাৰ্চীক নাগৰিকত্ব দিব পাৰে ডি এম।

চলিত বৰ্ষৰ আগষ্ট মাহত ৰাজ্যৰ গৃহমন্ত্ৰী হৰ্ষ সংঘবীয়ে আহমেদাবাদৰ ডি এমৰ কাৰ্যালয়ত পাকিস্তানৰ পৰা আৰু ৪০ জন শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিছিল। তাৰে এজন দিলীপ মহেশ্বৰীয়ে কয় যে তেওঁ ১৯৯৫ চনৰ পৰা ভিছা ল’বলৈ চেষ্টা কৰিছিল যদিও ২০০৮ চনত ভাৰতৰ পৰা টুৰিষ্ট ভিছা পাইছিল, কিন্তু সেই ভিছাৰ ম্যাদ উকলি গৈছিল।কাৰণ তেওঁ পুনৰ পাকিস্তানলৈ গৈছিল। ২০১৩ চনত তেওঁ দীৰ্ঘম্যাদী ভিছা পাইছিল তেতিয়াৰ পৰা তেওঁ গুজৰাটত থাকিছিল, এতিয়া তেওঁ নাগৰিকত্ব লাভ কৰিছিল।

Daily time axomGujaratGujarat ElectionIndiapolitics