Daily Time Axom

কাৰ্বি আংলঙৰ ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ, আজিৰে পৰা ৫ দিনৰ বাবে ডিফুৰ বিদ্যালয় বন্ধ ঘোষণা

33

৭ নৱেম্বৰ, ২০২২ : ডিফুত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণ। এইপৰ্যন্ত ৪ শতাধিক লোক ডেংগুত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জন লোকৰ। আজিৰে পৰা ডিফুত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান।১২ নৱেম্বৰলৈ বন্ধ থাকিব ডিফুৰ সকলো শিক্ষানুষ্ঠান, ডিফু পৌৰসভা।

কামৰূপ মহানগৰ জিলাতো চিনাক্ত হৈছে ৮ জন ডেংগু আক্ৰান্ত লোক। নলবাৰীত ২ জন, চৰাইদেউ, কামৰূপ, নগাঁও আৰু হোজাইত এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে। ডিফু আৰু বোকাজানৰ চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে শ শ ডেংগু আক্ৰান্ত লোকক।

Comments are closed, but trackbacks and pingbacks are open.