নিউজ ডেস্ক, ৭ নৱেম্বৰঃ আজিৰে পৰা আৰম্ভ হ’ল ৰাস মহোৎসৱ । সমগ্ৰ ৰাজ্যতে উদুলি-মুদুলি পৰিৱেশ। আজি শ্ৰীকৃষ্ণৰ অলৌকিক আৰু পাৰমাৰ্থিক লীলাক সুঁৱৰিব ভক্তগণে। প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ব অলেখ লীলাৰ দৃষ্টিনন্দন প্ৰদৰ্শন।
আজি নিশাৰে পৰা জীপাল হৈ পৰিব সমগ্ৰ ৰাজ্যৰ ৰাসস্থলীসমূহ। উজনিৰ প্ৰান্তে প্ৰান্তে শিল্পী, কলা-কুশলীসকলৰ ব্যস্ততা। নামনি অসমত মৃণ্ময় মূৰ্তিৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ব শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা।
গকুল, বৃন্দাবনলৈ পৰিৱৰ্তিত হৈছে সত্ৰপীঠ মাজুলী। আনহাতে নলবাৰী, শুৱালকুছি, হাউলী, টিহু, পলাশবাৰীতো ৰাস মহোত্সৱৰ বিশেষ আয়োজন কৰা হৈছে।