অসম সচিবালয়ৰ কৰ্মচাৰীলৈ নতুন নিৰ্দেশনা জাৰী ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ অসম সচিবালয় কৰ্মচাৰীলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা। সচিবালয়ৰ কৰ্মচাৰীয়ে পুৱা ৯.৩০ত উপস্থিত হ’ব লাগিব কাৰ্যালয়ত। আনহাতে, কৰ্মচাৰীসকলে বায়’মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতিৰ প্ৰমাণ।
বিধানসভাৰ কৰ্মচাৰীৰ বাবে ড্ৰেছ ক’ড নিৰ্ধাৰণ। সাধাৰণ কৰ্ম দিনতো বাধ্যতামূলক হ’ব ড্ৰেছ ক’ড। জিনছ, টি ছাৰ্ট, লেগিংছ পিন্ধি আহিব নোৱাৰিব বিধানসভালৈ। পুৰুষে পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ। মহিলাসকলে পৰিধান কৰিব লাগিব মেখেলা-চাদৰ, শাড়ী। পৰৱৰ্তী বিধানসভা অধিৱেশনৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। অধিৱেশনৰ সময়ত সাংবাদিকসকলেও পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ।

Assam Legislative AssemblyDaily time axomDress CodeGuwahatiIndia