পাকিস্তানক ৭৩,০০০ কোটি টকাৰ সাহায্য ঘোষণা চীনৰ

যোৱা সপ্তাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চীন ভ্ৰমণৰ সময়ত এই কথা দিছিল চীনে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সোমবাৰে এই কথা ঘোষণা কৰে। বিত্তীয় সংকটত ভুগি থকা পাকিস্তানৰ বাবে ৯ বিলিয়ন ডলাৰ (প্ৰায় ৭৩,৬৬০ কোটি টকা) সাহায্য ঘোষণা কৰি তেওঁ কয় যে চীনে পাকিস্তানক বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিবলৈ চেষ্টা কৰিব।

বৃহস্পতিবাৰে শ্বাহবাজৰ চীন ভ্ৰমণৰ সময়ত চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰৰ কাম দ্ৰুতগতিত আৰম্ভ হোৱাৰ সন্দৰ্ভত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হয়। সেই সময়ত চীনৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানক আৰ্থিক সাহায্যৰ প্ৰশ্নৰ উত্তৰ দিছিল, “চিন্তা কৰাৰ কোনো কাৰণ নাই। আমি নিৰাশ নকৰো। শনিবাৰে, বিত্ত মন্ত্ৰী ইছাক দাৰে কয় যে পাকিস্তানে চীনৰ পৰা ৯ বিলিয়ন ডলাৰ আৰু চৌদি আৰৱৰ পৰা ৪ বিলিয়ন ডলাৰ লাভ কৰিব যাতে বিত্তীয় সংকটৰ পৰা মুক্ত হ’ব পাৰে। ”

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়নে সোমবাৰে ৰাষ্ট্ৰপতিৰ বিবৃতি প্ৰকাশ কৰি কয়, “পাকিস্তান আমাৰ পুৰণি বন্ধু। আমি তেওঁলোকৰ বিত্তীয় পৰিস্থিতি স্থিৰ কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰিম। পাকিস্তানৰ ৰাজনীতিত শেহতীয়াকৈ হোৱা অস্থিৰতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত হোৱা গুলীচালনা সন্দৰ্ভত কোনো মন্তব্য নকৰাকৈ ঝাওৱে কয়, “আমি তেওঁৰ (ইমৰান) আশু আৰোগ্য কামনা কৰিছো।”

ChinaDaily time axomInternationalPakistan