নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল ২২ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৮খন জিলাৰ ২২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭৫ গৰাকী প্ৰাৰ্থীয়ে। ৯৩টা ভোটকেন্দ্ৰত বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ। BJPৰ সৰ্বাধিক ১৮টা, কংগ্ৰেছৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লখিমপুৰ জিলাত দেউৰী পৰিষদৰ সৰ্বাধিক সমষ্টি আছে। লখিমপুৰত আছে দেউৰী পৰিষদৰ ৭টাকৈ সমষ্টি।
ধেমাজিত আছে দেউৰী পৰিষদৰ ৪টাকৈ সমষ্টি। তিনিচুকীয়াৰ শদিয়া, ডিব্ৰুগড়তো আছে পৰিষদৰ সমষ্টি। শিৱসাগৰৰ ডিমৌত আছে পৰিষদৰ দুটা সমষ্টি। অহা ১০ নৱেম্বৰত হ’ব পৰিষদৰ ভোটগণনা।
Comments are closed, but trackbacks and pingbacks are open.