নিউজ ডেস্ক, ৯ নৱেম্বৰঃ নেপালত ৫ ঘণ্টাত দুটাকৈ ভয়ংকৰ ভূমিকম্প ৷ ভূঁইকঁপত ৬ জনকৈ লোকৰ মৃত্যু ৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.৩ ৷ ভূঁইকঁপত ভাঙি পৰিল ঘৰ-দুৱাৰ ৷ পুৱতি নিশা ৩.১৫ বজাত অহা ভূমিকম্পই আতংকৰ সৃষ্টি কৰে ৷
নিহত ৬ গৰাকী লোকৰ ভিতৰত আছে এগৰাকী মহিলা আৰু দুটা শিশু। অৱশ্যে, মৃতসকলক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। ভূমিকম্পপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নেপালী সেনা মোতায়েন কৰা হৈছে।