মুক্তিৰ পূৰ্বে ‘কুছি’ৰ কোটি টকা উপাৰ্জন

শেহতীয়াকৈ বিজয় দেৱেৰাকোণ্ডাৰ ছবি ‘লিগাৰ’ ফ্লপ বুলি প্ৰমাণিত হৈছে। আনকি চলচ্চিত্ৰ সমালোচকসকলেও কৈছিল যে এই ছবিখনৰ বিফলতাই বিজয়ৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে, কিন্তু আমি এতিয়া যি খবৰ আপোনালোকক দিবলৈ ওলাইছো, সেই বাতৰিয়ে সমালোচকৰ সেইবোৰ কথা সম্পূৰ্ণৰূপে মোহাৰি পেলাব। হয়, বিজয় দেৱেৰাকোণ্ডাৰ ছবি ‘কুছি’ এতিয়াও মুক্তি পোৱা নাই যদিও ছবিগৃহত টোকৰ মৰাৰ আগতেই এই ছবিখনে ৯০ কোটি টকা উপাৰ্জন কৰিছে।


বিজয় দেৱেৰাকোণ্ডা আৰু সামন্ত ৰুথ প্ৰভুৰ ছবি ‘কুছি’ৰ কিছু শ্বুটিং এতিয়াও হোৱা নাই। কোৱা হৈছে যে এই ছবিখন পৰৱৰ্তী সময়ত মুক্তি পাব। মূলতঃ তেলেগু ভাষাত মুক্তি পোৱা ছবিখনে ইতিমধ্যে নন-থিয়েটাৰ অধিকাৰৰ পৰা প্ৰায় ৯০ কোটি টকা উপাৰ্জন কৰিছে।
‘কুছি’ নামৰ ৰোমান্টিক নাটক ছবিখনত দেখা যাব বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভুৰ অনস্ক্ৰীণ কেমিষ্ট্ৰী। এইবাৰ দ্বিতীয়বাৰৰ বাবে দুয়োখন একেলগে ছবিত দেখা যাব। ইয়াৰ পূৰ্বে দুয়োজনে নাগ অশ্বিনৰ ‘মহানতী’ ছবিত অভিনয় কৰিছে। বাণিজ্য বিশ্লেষক তৃনাথৰ মতে ‘লিগাৰ’ৰ বিফলতাই ‘কুছি’ৰ ব্যৱসায়ত কোনো প্ৰভাৱ পেলোৱা নাই।

আগষ্ট মাহত মুক্তি পোৱা ‘লিগাৰ’ ছবিৰে বলীউডত অভিষেক ঘটা বিজয় দেৱেৰাকোণ্ডাই। পুৰী জগন্নাথৰ পৰিচালিত এই ছবিখনত অনন্য পাণ্ডে আৰু ৰম্য কৃষ্ণনেও অভিনয় কৰিছিল। ৯০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে বিশ্বজুৰি মাত্ৰ ৬০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

AssamDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment