Daily Time Axom

নিশা দিল্লীত ভূমিকম্পৰ জোকাৰণি

38

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল।

ৰাজধানী অঞ্চলত, পুৱতি নিশা প্ৰায় ১.৫৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল যাৰ বাবে জনতা ৰাজপথলৈ ওলাই আহিছিল। ভূকম্পন কেন্দ্ৰৰ মতে, ইয়াৰ কেন্দ্ৰস্থল উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণ-পূবত নেপালৰ সীমাৰ ওচৰত আছিল। দিল্লীৰ উপৰিও উত্তৰাখণ্ড, হিমাচল আৰু উত্তৰ প্ৰদেশ আদি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.