Daily Time Axom

আজি ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে

37

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ আজি ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে পাঠ কৰোৱাই গোপনীয়তাৰ শপতবাক্য৷ ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড় আছিল ভাৰতৰ মুখ্য ন্যায়াধীশ৷ দুবছৰীয়া কাৰ্যকালৰ বাবে শপত ললে ডি ৱাই চন্দ্ৰচূড়ে৷

মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ ৭৪ দিনীয়া কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হয়। এতিয়া ন্যায়াধীশ চন্দ্ৰচূড় দুবছৰৰ বাবে অৰ্থাৎ ১০ নৱেম্বৰ ২০২৪ পৰ্যন্ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ থাকিব।

Comments are closed, but trackbacks and pingbacks are open.