Daily Time Axom

ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা

52

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা। ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ ৰাজ্যৰ ৪২৭ গৰাকী আক্ৰান্ত হয় ডেংগুত। কাৰ্বি আংলঙত ৪০০গৰাকী, কামৰূপ মহানগৰত ১১ গৰাকী লোক আক্ৰান্ত হয়। ইপিনে, কৰিমগঞ্জ, নলবাৰী, শিৱসাগৰ আৰু ডিমা হাচাওত দুগৰাকীকৈ আক্ৰান্ত৷

দৰং, ডিব্ৰুগড়, কামৰূপ, নগাঁও, হোজাইত এগৰাকীকৈ লোক আক্ৰান্ত হয় ডেংগুত। শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি জিলাতো এগৰাকীকৈ লোক আক্ৰান্ত। ডেংগুত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে ৩ গৰাকী লোকৰ।এই তথ্য প্ৰকাশ কৰিছে NHM-এ৷

Comments are closed, but trackbacks and pingbacks are open.