Daily Time Axom

ব্যক্তিগত অংশত টেটু কৰি থাকোঁতে সংঘটিত এই ঘটনা, টেটু আৰ্টিষ্টৰ বিৰুদ্ধে মুকলিকৈ ক’লে অষ্টদাশীয়ে

0 113

নৱপ্ৰজন্মৰ মাজত বৃদ্ধি পাইছে টেটুৰ ধাৰা। আনকি চেলিব্ৰিটিসকলৰৰো সম্পূৰ্ণ শৰীৰৰ টেটু থাকে। যুৱকসকলৰ পৰা যুৱতীলৈকে বহু লোকৰ শৰীৰৰ বিভিন্ন অংগত এতিয়া টেটু আছে। বহুতে নিজৰ ব্যক্তিগত অংগতো টেটু কৰি ভাল পায়।

বহু লোকে নিজৰ ব্যক্তিগত অংগৰ চাৰিওফালে টেটু কৰিবলৈ শিল্পীসকলৰ ওচৰলৈ আহিছিল। এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে টেটু আৰ্টিষ্টৰ অভিযোগ কৰিছে ।

তেওঁ নিজৰ ব্যক্তিগত অংশত টেটু কৰিবলৈ আৰম্ভ কৰাৰ পিছত শিল্পীগৰাকীয়ে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰাত যুৱতীগৰাকীয়ে বিষয়টো বিতংভাৱে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। ফলত এই বিষয়টোক লৈ হুলস্থুলৰ সৃষ্টি হৈছে।

ইফালে, যুৱতীগৰাকীয়ে এই কথা জনসাধাৰণৰ মাজলৈ আনিবলৈ সাহস কৰাৰ পিছত আন ৫ গৰাকী মহিলাই টেটু আৰ্টিষ্টজনৰ বিৰুদ্ধে মুখ মেলিছে। লগতে ৩৫ বছৰীয়া টেটু আৰ্টিষ্টজনে তেওঁলোকৰ ব্যক্তিগত অংগ টেটু কৰাৰ সময়ত তেওঁলোকৰ লগত বেয়া আচৰণ কৰা বুলিও জানিবলৈ দিয়ে।

ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে টেটু আৰ্টিষ্টজনক বিচাৰিবলৈ আৰম্ভ কৰিছে। এই খবৰ পাই পলায়ন কৰে টেটু আৰ্টিষ্টজন। শেষত তেওঁ আৰক্ষীৰ হাতৰ পৰা সাৰি যাব নোৱাৰিলে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কোচিৰ এখন টেটু পাৰ্লাৰত সংঘটিত হৈছে এই ঘটনা। এই পাৰ্লাৰখনৰ মালিক হৈছে টেটু আৰ্টিষ্ট সুৰেশ পি এছ। যোৱা ১০ বছৰ ধৰি তেওঁ পাৰ্লাৰখন চলাই আহিছে। সকলোৱে তেওঁক এজন নিপুণ শিল্পী হিচাপে চিনি পায়। নাৰীৰ সৈতে তেওঁৰ ব্যৱহাৰত বহু লোক স্তম্ভিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.