Daily Time Axom

ছোৱালী পাৰ্কলৈ যোৱাত বাধা

0 44


তালিবান শাসিত আফগানিস্তানত সকলোতে ছোৱালীৰ বাবে হিজাব বাধ্যতামূলক।

কাবুলত ছোৱালীক পাৰ্কলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে। কোনো ধৰণৰ উদ্যান, মেলাত মহিলাক প্ৰৱেশৰ অনুমতি দিয়া নহয়। এনে ফতোৱা জাৰি কৰিছে দেশখনৰ ৰাজধানী চহৰত।

ইয়াৰ পূৰ্বে তালিবানে আফগানিস্তানৰ ৰাজপথত মহিলাক অকলে খোজ কাঢ়িবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। পুৰুষ সংগীৰ লগত থাকিলেহে মহিলা ঘৰৰ বাহিৰলৈ যাব পাৰিব। কিন্তু এইবাৰ পুৰুষৰ লগত থাকিলেও মহিলা পাৰ্ক বা মেলালৈ যাব নোৱাৰে। কাবুলৰ উদ্যানত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

তালিবান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আকিফ ছাদেক মহাজিৰে কয় যে ১৫ মাহতকৈ অধিক সময় ধৰি আমি নিয়ম বলবৎ কৰি সকলো সমস্যা সমাধানৰ চেষ্টা কৰি আহিছো। কিন্তু তাৰ পাছতো বহু ঠাইত আইন ভংগ হোৱা দেখা গৈছে। বহু ঠাইত পুৰুষ-মহিলা একেলগে মিলিত হৈ আছে। বহু ক্ষেত্ৰত ছোৱালীয়ে হিজাব পিন্ধা নাই। এই সকলোবোৰ দেখি আমি এটা নতুন সিদ্ধান্ত লৈছিলো। এতিয়াৰ বাবে উদ্যান মেলাত ছোৱালীক নিষিদ্ধ কৰা হৈছে।

তালিবান শাসিত আফগানিস্তানত সকলোতে ছোৱালীৰ বাবে হিজাব বাধ্যতামূলক। ৰাস্তাৰে ছোৱালী অকলে যোৱাও নিষেধ। ইয়াৰ উপৰিও দেশৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ ছোৱালীৰ বিদ্যালয়ো বন্ধ কৰি দিছে চৰকাৰে। এনে পৰিস্থিতিত কাবুলৰ মহিলাসকলে চৰকাৰে ছোৱালীৰ বাবে উদ্যান বন্ধ কৰাৰ সিদ্ধান্তক একেবাৰেই আদৰি ল’ব পৰা নাই।

আন এগৰাকী যুৱতীয়ে কয়, “ইছলামত মহিলাক পাৰ্কলৈ যোৱাত কোনো নিষেধাজ্ঞা নাই।” তথাপিও আমাক এই আনন্দৰ পৰা বঞ্চিত কৰা হৈছে। এই দেশত থাকি লাভ নাই।”

চৰকাৰৰ এই সিদ্ধান্তত উদ্যান কৰ্তৃপক্ষও সুখী নহয়। তেওঁলোকে কয় যে পাৰ্কলৈ মহিলা নাহিলে ল’ৰা-ছোৱালী নাহে। এনেদৰে চলি থাকিলে উদ্যানখন বন্ধ থাকিব। তালিবানে মহিলাৰ পৰা মনোৰঞ্জনৰ অন্যতম উপাদান কাঢ়ি লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো সমালোচনাৰ সন্মুখীন হৈছে।

Leave A Reply

Your email address will not be published.