নিউজ ডেস্ক, ১০ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা। ভাগ্য নিৰ্ণয় হ’ব ২২ পৰিষদীয় সমষ্টিৰ ৭৫ গৰাকী প্ৰাৰ্থীৰ। ৪০ হাজাৰৰো অধিক ভোটাৰে সাব্যস্ত কৰিছিল ভোটাধিকাৰ। ভোটগণনাৰ বাবে সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ।
এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি, কংগ্ৰেছ, অগপ, আপ, জেপিপি আৰু নিৰ্দলীয় প্ৰাৰ্থী। বিজেপিৰ পৰা ১৮জন, অগপৰ ৪জন, কংগ্ৰেছৰ ১৪জন আৰু জেপিপিৰ ১৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।