চিৰাঙৰ এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা, গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ চিৰাঙৰ সীমামুৰীয়া পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা ৷ গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত হয় ৷ বৃদ্ধা গৰাকীৰ নাম অন্থৰ বড়ো ৷ নিহত অন্থৰ বড়োৰ স্বামী মেব্ৰো বড়োয়ে জানিবলৈ দিয়া ম’তে অচিনাক্ত কোনোবা ব্যক্তিয়ে গুলীয়াই নিৰাপদে পলায়ন কৰে ৷

উল্লেখ্য যে নিহত বৃদ্ধা গৰাকী ঘৰ বাক্সা জিলাৰ ছামঠাইবাৰীত ৷ হাকোৱা নদীৰ গৰাখহনীয়াৰ সৰ্বস্ব হেৰুৱাই ছিৰাঙৰ উক্ত গাওঁখনত স্থায়ীভাৱে থাকিবলৈ লৈছিল ৷ ঘটনাস্থলীত ছিৰাং আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ কিন্তু বৃদ্ধা গৰাকীক কিয় হত্যা কৰা হ’ল আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

AssamChirangDaily time axomDeathfiringIndiaNorth East