নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নদী পৰ্যটনত অন্য এক সংযোজন। বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ। ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত এই সেৱা মুকলি হোৱাৰ সম্ভাৱনা আছে।
৫০ দিনীয়া যাত্ৰাত প্ৰায় ৪০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব ‘গংগা বিলাস’ নামৰ এই ৰিভাৰ ক্ৰুজখনে। জানিব পৰা অনুসৰি, ১০ জানুৱাৰীত ক্ৰুজখনে যাত্ৰা আৰম্ভ কৰি ১ মাৰ্চত ডিব্ৰুগড়ৰ বগীবিলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি, ৫০ দিনীয়া এই যাত্ৰাত ক্ৰুজখনে বিশ্বৰ বহুকেইখন ঐতিহ্যক্ষেত্ৰকে ধৰি ৫০ টা পৰ্যটন ক্ষেত্ৰক সামৰি ল’ব।
Comments are closed, but trackbacks and pingbacks are open.