মহানগৰীত বৰবাৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ মহানগৰীৰ বৰবাৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু।প্ৰতীক্ষা হাস্পাতালৰ সমীপত এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু ।

জানিব পৰা মতে ১৭ বছৰীয়া কিশোৰীগৰাকীৰ ভিআইপি ৰোডত থকা এগৰাকী ব্যক্তিৰ ঘৰত প্ৰায় দুবছৰ ধৰি কাম কৰা হিচাপে আছিল।

ঘটনাৰ পিছতে দিছপুৰ থানাই গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে কিশোৰী গৰাকী হাপানী ৰোগত আক্ৰান্ত হৈ আছিল আৰু কিছুদিন পূৰ্বেও তেওঁৰ স্বাস্থ্য জনিত সমস্যাত ভুগিছিল।

আনহাতে CID ৰ ফিংগাৰ প্ৰিণ্টৰ এটা বিশেষজ্ঞৰ দল উপস্থিত হৈ সকলোৰে ফিংগাৰ প্ৰিণ্ট সংগ্ৰহ কৰে। বৰ্তমান লৈকে কিশোৰী গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

AssamDaily time axomDeathGuwahatiIndia