নিউজ ডেস্ক, ১২ নৱেম্বৰঃ আজি পুৱা বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈয়ে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী ।
১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা পুলক গগৈয়ে চিত্ৰশিল্পৰ শিক্ষা লাভ কৰিছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছৰ পৰা । কেৱল কেনভাছতেই নহয় বৰং বোলছবি জগততো পৰিচালনাৰ যোগেদি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে ।
অসমীয়া বোলছবি যেনে খোজ, সেন্দুৰ, ৰে’লৰ আলি দূবৰি বন, মৰম নদীৰ গাভৰু ঘাট আদিৰ পৰিচালনাৰে ৰজত কমল বঁটাও লাভ কৰিছিল পুলক গগৈয়ে ।
Comments are closed, but trackbacks and pingbacks are open.