Daily Time Axom

আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া

34

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

৬৮খন আসনবিশিষ্ট হিমাচল প্ৰদেশ বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৪১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই নিৰ্বাচনৰ ফলাফল আগন্তুক ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

নিৰ্বাচনী প্ৰতিদ্বন্দীতা আগবঢ়াইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰৰ পুত্ৰ বিক্ৰমাদিত্য সিং আৰু প্ৰাক্তন বিজেপি অধ্যক্ষ সতপাল সিং সত্তী । নিৰ্বাচনত মুখ্য প্ৰতিদ্বন্দিতা বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত থাকিব।

Comments are closed, but trackbacks and pingbacks are open.