ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা। ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জন। ইয়াৰে ভিতৰত ৬৫ জনেই কাৰ্বি আংলং জিলাৰ। বৰ্তমানলৈ ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ৬৪২ জন। ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলঙত সৰ্বাধিক ডেংগুত আক্ৰান্তৰ সংখ্যা। GMCHত চিকিৎসাধীন ১৭ গৰাকীকৈ ডেংগু আক্ৰান্ত ৰোগী। এই পৰ্যন্ত GMCHত মৃত্যু দুজনৰ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সূত্ৰই সদৰী কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত কাৰ্বি আংলঙত সর্বাধিক ৬৫ জন আক্ৰান্ত হোৱাৰ বিপৰীতে গুৱাহাটীত ৯ জন, তিনিচুকীয়াত ৭জন আৰু বৰপেটা, বঙাইগাঁও আৰু কামৰূপ গ্ৰাম্য জিলাত এজনকৈ লোক আক্ৰান্ত হৈছে।

AssamDaily time axomDengueGuwahatiIndiaKarbi AnglongNorth East