অষ্ট্ৰেলিয়াৰ বাসিন্দা হাইনৰিচ ডি ভিলিয়াৰ্ছে এদিনতে সৰ্বাধিক বাৰ বাৰলৈ যোৱাৰ বাবে ‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম লিখিলে। ২৪ ঘণ্টাত তেওঁ মেলবৰ্ণৰ মুঠ আঠসত্তৰখন বাৰ পৰিদৰ্শন কৰে। এই অভিযানত হাইনৰিখৰ লগত তেওঁৰ বন্ধু আৰু ভাতৃও আছিল।
সমগ্ৰ বিশ্বতে মহামাৰীৰ পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে। মেলবৰ্ণতো Covid-19ৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয়। covid ৰ সময়ত স্তব্ধ হৈ পৰে মহানগৰী। মহামাৰীৰ পিছত মেলবৰ্ণত পুনৰ স্ৱাভাবিক অৱস্থালৈ ঘূৰি আহিছে। কিন্তু Covid ৰ পিছৰে পৰা মেলবৰ্ণৰ বাসিন্দাসকলৰ বাৰলৈ গৈ মদ্যপান কৰাৰ প্ৰৱণতা কিছু হ্ৰাস পাইছে। মেলবৰ্ণত বাৰৰ সংখ্যা কম নহয়। মহামাৰীৰ আগতে পাববোৰ ভৰি আছিল। কিন্তু মহামাৰীৰ পাছত বহু লোকে বাৰৰ পৰা আঁতৰি গ’ল। ২৩ বছৰীয়া হাইনৰিচে কয় যে এইটোৱেই তেওঁৰ সকলোৰে দৃষ্টি বাৰলৈ ঘূৰাই অনাৰ প্ৰয়াস। যোৱা বছৰ হাইনৰিচে নিজৰ নাম ‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত পঞ্জীয়ন কৰিছিল। নিয়ম অনুসৰি প্ৰতিটো বাৰত গৈ ৪.২ আউন্স অৰ্থাৎ ১২৫ মিলিলিটাৰ এলকহল খাব লাগে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ব্ৰাইটনৰ বাসিন্দা নাথান ক্ৰীম্পে এদিনতে ৬৭টা বাৰ ভ্ৰমণ কৰি অভিলেখ গঢ়িছিল। শেহতীয়াকৈ হাইনৰিচে সেই অভিলেখ ভংগ কৰিছে।