Daily Time Axom

লাছ ভেগাছত প্ৰেমৰ বতৰ! প্ৰিয়ংকাই নিকৰ সৈতে ৰোমান্টিক ছবি পোষ্ট কৰিলে

0 58

ইতিমধ্যে লাছ ভেগাছত দেখা গৈছে প্ৰেমৰ বতৰ! অন্ততঃ প্ৰিয়ংকা-নিকৰ ক্ল’জ আপ ছবিবোৰেও তেনেকুৱাই বুজাইছে।

লাছ ভেগাছলৈ উভতি যোৱাৰ সময়ত স্বামী আৰু সন্তানৰ সৈতে কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই। শেহতীয়াকৈ নিকৰ সৈতে লাছ ভেগাছলৈ গৈছিল জোনাছ ব্রাদাৰ্ছৰ কনচাৰ্টৰ বাবে। কনচাৰ্টৰ পিছত দুয়োজনে ইজনে সিজনৰ লগত অকলে সময় কটাবলগীয়া হৈছে। প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এনে এক ৰোমান্টিক মুহূৰ্তৰ ছবি।

প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লাছ ভেগাছত আপোনজনৰ সৈতে সময় কটোৱাৰ মুহূৰ্ত পোষ্ট কৰিছে।

মন কৰিব প্ৰিয়ংকা-নিকৰ বিয়া হৈছিল ২০১৮ চনত। চলিত বৰ্ষৰ জানুৱাৰী মাহত চেৰ’গেচিৰ জৰিয়তে এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছিল।

Leave A Reply

Your email address will not be published.