ৰাজস্থানত ডাঙৰ ষড়যন্ত্ৰ: উদয়পুৰ-আহমেদাবাদ ৰে’লপথত বিস্ফোৰণ, ১৩ দিন পূৰ্বে উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে
গাঁওবাসীৰ সজাগতাৰ বাবে এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়। দুৰ্বৃত্তৰ ষড়যন্ত্ৰ আছিল ৰে’ল লাইনত নিৰ্মিত দলং আৰু ৰে’লপথ উৰুৱাই দিয়া।
বিস্ফোৰণৰ ফলত ট্ৰেকত ফাট মেলিছে। সেই স্থানত উপস্থিত হৈছে এ টি এছৰ দল।
উদয়পুৰ-আহমেদাবাদ ব্রড গজৰ ৰে’লপথ বিস্ফোৰকেৰে উৰুৱাই দিয়াৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। উদয়পুৰ জিলাৰ কেৱদা বনাঞ্চলৰ সন্মুখত থকা ওদা দলং উৰুৱাই নিয়াৰ চেষ্টা চলাই দুষ্কৃতিকাৰীয়ে।
১৩ দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লাইন উদ্বোধন কৰিছিল।
এই ৰে’লপথ উদয়পুৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত থকা ছালুম্বাৰ পথৰ কেভডে কি নালৰ ওধা ৰে’ল দলঙৰ সৈতে জড়িত। স্থানীয় ৰাইজে শনিবাৰে নিশা প্ৰায় ১০ বজাত বিস্ফোৰণৰ শব্দ শুনিছিল। ইয়াৰ লগে লগে একাংশ লোকে ট্ৰেকত উপস্থিত হৈ তাত থকা অৱস্থা দেখি স্তম্ভিত হৈ পৰে। ৰেল লাইনত পৰি আছিল বাৰুদ। ইয়াৰ লগতে বহু ঠাইত লোহা ভাঙি গৈছিল। দলঙৰ লাইনৰ পৰাও নট-বল্ট হেৰাই গৈছিল। ইয়াৰ পিছতে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। বিস্ফোৰণৰ পিছত প্ৰায় চাৰি ঘণ্টা ধৰি এই ট্ৰেকটোৰ মাজেৰে পাৰ হৈ গৈছিল ৰে’লখন।