মান্দাকাটাৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ বিংশ বাৰ্ষিক নবাগত আদৰণী সভা সম্পন্ন

কামৰূপ জিলাৰ মান্দাকাটাৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ বিংশ বাৰ্ষিক নৱাগত আদৰণী সভাখন সোমবাৰে অনুষ্ঠিত হৈ যায়। শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইছাহক আলীয়ে আঁত ধৰা এই অনুষ্ঠানত ২০২০,২১,২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৰ্ধশতাধিক প্ৰাক্তন মেধাৱী ছাত্ৰ ছাত্ৰীৰ গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শংকৰ আজান জাতীয় বিদ্যালয়ৰ সঞ্চালক ৰহিমুদ্দিন আহমেদে অৱগত কৰামতে, ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ লগতে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। বিয়লি ২ বজাৰ পৰা বিভিন্ন গীত মাত নৃত্য পৰিবেশনৰে ছাত্ৰ-ছাত্ৰী সকলে আনন্দমুখৰ কৰি তোলে বিদ্যালয়ৰ বাকৰি ৷

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ ৰিপৰ্ট

bollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment