Daily Time Axom

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত সেনাৰে-উগ্রপন্থীৰ গুলীয়াগুলী

44

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । সেনা আৰু সন্দেহযুক্ত আলফাৰ মাজত এই গুলীয়াগুলী । আজি পুৱা প্ৰায় ৯ মান বজাত ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা সংঘটিত হৈছে।

গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে সন্দেহযুক্ত আলফাৰ গুলীয়াগুলীয়া হৈছে। প্ৰথমে সেনাৰ বিস্ফোৰণ তাৰ পিছত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। তাৰ পিছতেই পেঙেৰি-ডিগবৈ সংযোগী পথটো বন্ধ কৰি দিয়া হয়।

দৰাচলতে সেনাই পেঙেৰি বনাঞ্চলত ৫ জনীয়া সন্দেহযুক্ত আলফাৰ সদস্যৰ এটা দল বাহৰ পাতি থকা কথাটো গম পাই অভিযান চলাইছিল। আৰু তাৰ পিছতেই সংঘৰ্ষ আৰম্ভ হয় দুয়ো পক্ষৰ মাজত।

ইতিমধ্যে তিনিচুকীয়াৰ এটা বৃহৎ দল সেই স্থানলৈ ৰাওনা হৈছে। সেই অঞ্চলটোলৈ যাতে কোনো স্থানীয় লোক যাব নোৱাৰে তাৰ বাবে নিৰিপত্তাৰ বেষ্টনি গঢ়ি তোলা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.