Daily Time Axom

আজি শিশু দিৱস

38

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ মৰম। পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল ‘নেহৰু চাচা’ ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে ।

শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দেখা গৈছে বিভিন্ন আয়োজনৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী । লগতে নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজেৰে আজিৰ দিনটো উদযাপন কৰা হ’ব ।

Comments are closed, but trackbacks and pingbacks are open.