Daily Time Axom

আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ আহ্বান

36

নিউজ ডেস্ক, ১৫ নৱেম্বৰঃ জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীৰ যৌথ মঞ্চৰ অসম বন্ধৰ আহ্বান। ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান যৌথ মঞ্চৰ। পুৱাৰে পৰা বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ দেখা গৈছে। ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰৰ সমান্তৰালকৈ নামনি অসমতো এই বন্ধৰ প্ৰভাৱ দেখা গৈছে।

উল্লেখ্য যে, বন্ধৰ ফলত হ’ব পৰা সকলো ক্ষয়-ক্ষতিৰ বিৱৰণৰ সৈতে আৰক্ষী বিভাগে ইতিমধ্যেই দল-সংগঠন সমূহলৈ প্ৰেৰণ কৰিছিল একোখনকৈ পত্ৰ । ইয়াৰ ওপৰিও কোনো অবাঞ্চিত ঘটনাৰ ফলত হ’ব পৰা ক্ষতিৰ সম্পূৰ্ণ দ্বায়িত্ব দল-সংগঠন সমূহে ল’ব লাগিব বুলিও জনায় আৰক্ষী বিভাগে ।

Comments are closed, but trackbacks and pingbacks are open.