Daily Time Axom

বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মদক্ষ বিধায়ক বঁটা” প্ৰদান ড°বি,আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচনৰ

45

নিউজ ডেস্ক, ১৫ নৱেম্বৰঃ দেশৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ড°বি,আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচন নৰ্থ-ইষ্ট ৰিজনৰ দ্বাৰা আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক “কৰ্মদক্ষ বিধায়ক”ৰ বঁটা প্ৰদান কৰে ৷এই উপলক্ষে আজি কন্যকা অতিথিশালাত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা বিধায়ক গৰাকীক ফুলাম গামোচা আৰু শৰাই, জাপিৰে সম্বৰ্দ্ধনা জ্ঞাপনৰ লগতে ডিজিটেল প্ৰশংসা পত্ৰ প্ৰদান কৰে ৷

স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিনিধিবৰ্গই অনুষ্ঠানটিত কয় যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা এগৰাকী বাকপটু, কৰ্মদক্ষ বিধায়ক তথা সামজিক, সাংস্কৃতিক আৰু উন্নয়নমূলক কাজৰ ক্ষেত্ৰত তেখেতে ৰাজ্যখনৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি আহিছে ৷ নিৱনুৱা যুৱক-যুৱতীসকলৰ কৰ্ম সংস্হাপনৰ ক্ষেত্ৰতো বিধায়ক গৰাকীয়ে গতিশীল ধাৰা অব্যাহত ৰাখি আধুনিক বিজ্ঞানসন্মত কৃষি বিপ্লৱৰ সুচনা কৰিবলৈ সক্ষম হৈছে। যাৰবাবে বিধায়কগৰাকীক এই “কৰ্মদক্ষ বিধায়কৰ বঁটা”ৰে বিভূষিত কৰি উপযুক্ত সন্মান প্ৰদান কৰে ৷

স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিনিধি বৰ্গই কয় যে, আমি ড°বি,আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচনৰ তৰফৰ পৰা জামুগুৰিহাটৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ দিশত আগুৱাই নিয়াৰ পৰিকল্পনাৰে বগাবিল বৰমতা অঞ্চলত ৯কোটি ৪০লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ষ্টেডিয়ামৰ কথা আজি ঘোষনা কৰিলো ৷আশাকৰো চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আমাক এই ষ্টেডিয়াম নিৰ্মানৰ ক্ষেত্ৰত উৎসাহ অনুপ্ৰেৰণা যোগাই সকলোধৰণৰ সহায় সহযোগীতা আগবঢ়াব৷

Comments are closed, but trackbacks and pingbacks are open.