নিউজ ডেস্ক, ১৫ নৱেম্বৰঃ শিৱসাগৰৰ ঘিলাগুৰিত নিশা লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত হয়। মুজামিল খান নামৰ লোকজনক পত্নী আৰু শহুৰেকে অত্যাচাৰ সহিব নোৱাৰি ঘপিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
অভিযোগ অনুসৰি, দীৰ্ঘদিনৰে পৰা মুজামিল খানে পত্নীক শাৰীৰিক–মানসিক অত্যাচাৰ চলাই আহিছিল।
যোৱা নিশাও শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি সা–সামগ্ৰী ভাঙি উপদ্ৰৱ চলাইছিল মুজামিল খানে। পত্নী আৰু তেওঁৰ ভাতৃকো প্ৰহাৰ কৰে মুজামিলে। ফলত অতিষ্ঠ হৈ মুজামিলক পত্নী আৰু শহুৰেকে মাৰ–পিট কৰাত মৃত্যু হয় মুজামিলৰ।
ইয়াৰপিছতেই শহুৰেক জেহিৰুদ্দিন আহমেদে শিৱসাগৰ সদৰ থানাত আত্মসমৰ্পন কৰে।