আৰিয়ানে পিতৃৰ দৰে অভিনেতা হ’ব নিবিচাৰে!

লাইট-কেমেৰাৰ সন্মুখতকৈ পিছফালৰ পৰা কাম কৰিবলৈ ইচ্ছুক আৰিয়ান। সেইবাবেই শ্বাহৰুখ-পুত্ৰইডাঙৰ পৰিচালকৰ প্ৰস্তাৱতো সন্মতি দিয়া নাই।

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শেহতীয়াকৈ কৰণ জোহৰে তেওঁৰ পৰৱৰ্তী ছবিত নায়কৰ চৰিত্ৰৰ বাবে আৰিয়ানক অফাৰ দিছিল। আৰিয়ানে তেওঁক মুখৰ আগতে না কয়।পিছত আৰিয়ানৰ মতামত সলনি হ’ব পাৰে বুলি ভাবি অপেক্ষা কৰিও বিফল হয়।

কেৱল কৰণ জোহৰেই নহয়, পৰিচালক জোয়া আখতাৰেও ‘দ্য আৰ্চিজ’ৰ বাবে আৰিয়ানক অফাৰ দিছিল। তাতো অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। মন কৰিবলগীয়া যে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে সুহানা খানে।

আৰিয়ান অভিনয়তকৈ পৰিচালনা আৰু চিত্ৰনাট্যৰ প্ৰতিহে বেছি। শেহতীয়াকৈ তেওঁ কেইবাখনো ধাৰাবাহিকৰ চিত্ৰনাট্য লিখিছে। যিবোৰ অ’টিটি প্লেটফৰ্মত মুকলি কৰা হ’ব।

bollywoodDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment