কেঁচা জলকীয়াই ওজন কমোৱাত সহায় কৰে

জলকীয়া, যাৰ অবিহনে ৰন্ধা-বঢ়া সদায় আধৰুৱা হৈ পৰে। কিন্তু আপুনি জানেনে কেঁচা জলকীয়া চোবাই খালে পোৱা যায় অধিক উপকাৰ । বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে এটাকৈ কেঁচা জলকীয়া খালে শৰীৰৰ বহু সমস্যা নিয়ন্ত্ৰণত থাকে।

কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। লগতে ভিটামিনেৰে ভৰপূৰ। ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন কে, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফ’লেট, আইৰণ, তাম আদিৰে সমৃদ্ধ। কেঁচা জলকীয়া খালে কি কি লাভ হয়?

১. কেঁচা জলকীয়া ছালৰ বাবে অতি উপকাৰী কাৰণ ইয়াত ভিটামিন চি থাকে।

২. হজম শক্তি উন্নত কৰে । সেউজীয়া জলকীয়াত এন্টিঅক্সিডেন্ট বেছি থাকে যিয়ে পাচনত সহায় কৰে।

৩. ওজন নিয়ন্ত্ৰণ কৰে । ই শৰীৰৰ অতিৰিক্ত চৰ্বি ক্ষয় কৰাত সহায় কৰে। গতিকে ওজন কমাবলৈ কেঁচা মৰিচা অতি ফলপ্ৰসূ। লগতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

৪. ডায়েবেটিছ ৰোগীয়ে খাদ্য তালিকাত জলকীয়া অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ ই চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

৫. কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে । কেঁচা জলকীয়া এন্টি অক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সেউজীয়া মৰিচা ফলপ্ৰসূ। কেঁচা জলকীয়া খালে স্নায়ুৰ বিভিন্ন সমস্যা হ্ৰাস পায়।

৬. কেঁচা জলকীয়া হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment