ৰাছিয়া নহয়, পোলেণ্ডত পৰি যোৱা মাৰাত্মক মিছাইলটো ইউক্ৰেইনে নিক্ষেপ কৰিছিল!

ৰাছিয়াত নিৰ্মিত ক্ষেপণাস্ত্ৰত ২ জন পোলেণ্ডৰ নাগৰিকৰ মৃত্যু সন্দৰ্ভত নতুন তথ্য ওলাইছে। এইবাৰ গম পোৱা গ’ল যে চুবুৰীয়া দেশ পোলেণ্ডৰ দুজন লোকৰ মৃত্যু হৈছে ৰাছিয়াৰ নহয়, ইউক্ৰেইনৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা।

সংবাদ সংস্থা ৰয়টাৰে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ এটা ক্ষেপণাস্ত্ৰ আটক কৰি আন এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। বুধবাৰে ইউক্ৰেইনৰ সীমান্তৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত পূব পোলেণ্ডৰ এখন গাঁৱত অৱতৰণ কৰে এই ক্ষেপণাস্ত্ৰ। এই আক্ৰমণে ৰাজনৈতিক আৰু কূটনৈতিক হেঁচা তীব্ৰতৰ কৰি তুলিছে। পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাই এই ক্ষেপণাস্ত্ৰ ৰাছিয়াই নিক্ষেপ কৰিছিল নে নাই সেই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰে।
ৰাছিয়াই কয় যে পোলেণ্ডত পৰি যোৱা ক্ষেপণাস্ত্ৰ কোনো কাৰণতে তেওঁলোকৰ নহয়। তাৰ পৰিৱৰ্তে ভ্লাদিমিৰ পুটিনৰ দেশখনে পোলেণ্ডক দোষাৰোপ কৰি তীব্ৰতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ঘটনাই জি-২০ৰ বৈঠকৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment