Daily Time Axom

‘কোনে জানিছিল গংগাই মোক টানি আনিব!’ হত্যাৰ ১৪ দিন আগতে হৃষিকেশৰ পৰা শ্ৰদ্ধাৰ ইনষ্টা পোষ্ট

0 81

বৈ আছে গংগা কাষতে বহি জুৰিটোলৈ চাই আছে। উত্তৰাখণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি থাকোঁতে তেওঁ ইনষ্টা পোষ্টত লিখিছে, “১৫০০ কিলোমিটাৰ ভাগৰুৱা যাত্ৰাৰ অন্তত মই দিনটো এক সুন্দৰ দৃশ্য উপভোগ কৰি শেষ কৰিব বিচাৰিছিলো। সূৰ্যাস্ত উপভোগ কৰিবলৈ মন গ’ল। বশিষ্ঠ গুহাৰ ওচৰত গংগাৰ পাৰেৰে খোজ কাঢ়িলোঁ৷ কোনে জানিছিল গংগাই মোক ইয়ালৈ টানি আনিব, আৰু তাৰ পাৰত বহি সৌন্দৰ্য্য উপভোগ কৰিম…”

হত্যাকাণ্ডৰ মাত্ৰ দুসপ্তাহ পূৰ্বে ৪ মে’ত শ্ৰদ্ধাই এই কথা ইনষ্টাগ্ৰামত হৃষিকেশৰ পৰা পোষ্ট কৰিছিল। ৰিল এটাও পোষ্ট কৰিছিলে। শ্ৰদ্ধাই হত্যাকাণ্ডৰ এসপ্তাহ পূৰ্বে ১১ মে’ত আন এখন ছবিও পোষ্ট কৰিছিল। তেওঁক কিতাপ এখন পঢ়ি থকা দেখা গৈছিল। ছবিখন পোষ্ট কৰি শ্ৰদ্ধাই লিখিছিল, “নিজকে অধিক বিচাৰি উলিয়াব বিচাৰো।” সেই ছবিখন তেওঁ হিমাচল প্ৰদেশ ভ্ৰমণৰ সময়ত পোষ্ট কৰিছিল। আৰু সেইটোৱেই আছিল তেওঁৰ শেষ পোষ্ট।

আৰক্ষীৰ মতে আফতাব যিমানেই নেটত সক্ৰিয় আছিল, শ্ৰদ্ধা সম্পূৰ্ণ বিপৰীত। আফতাবৰ ইনষ্টাগ্ৰামত ২৮ হাজাৰ ফ’ল’ৱাৰ আছে। তাত আফতাবে নিজৰ বিভিন্ন বক্তব্য প্ৰকাশ কৰে। আনহাতে শ্ৰদ্ধাই নিজৰ ইনষ্টা বায়’ত নিজকে ৱাণ্ডাৰলুষ্ট বুলি অভিহিত কৰে। শ্ৰদ্ধাৰ ছ’চিয়েল মিডিয়া প্ৰফাইল পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিছে যে তেওঁ বেছিভাগেই প্ৰকৃতিৰ ছবি পোষ্ট কৰিছিল।লগত দিছিল এটা শাৰীৰ কেপচন।

১৮ মে’ত হত্যা কৰা হৈছিল শ্ৰদ্ধাক। তেতিয়াৰ পৰাই আফতাবে শ্ৰদ্ধাৰ ইনষ্টাগ্ৰাম মেনেজ কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি আফতাবে এমাহ ধৰি বন্ধু-বান্ধৱীৰ সৈতে নেটত যোগাযোগ ৰাখিছিল যাতে কোনেও গম নাপায় যে শ্ৰদ্ধা জীয়াই থকা নাই। ৯ জুনলৈকে শ্ৰদ্ধাৰ বন্ধুৰ লগত কথা পাতি আছিল।

Leave A Reply

Your email address will not be published.