Daily Time Axom

ইমাৰজেঞ্চি ব্লাড চাৰ্ভিছ এণ্ড ৰে’ অব লাইফে আনিছে আশাৰ বতৰা

0 192

ৰাজ্যত সদায়েই চলিছে তেজৰ অভাব।ইমানবোৰ ৰক্তদান শিবিৰ তথা ৰক্তদান কৰা বহুত সংস্থা থকাৰ পিছতো হতাশগ্ৰস্থ হৈ ভুগিবলগা হয় একাংশ ৰোগীয়ে।বিশেষকৈ বিপৰীত গ্ৰুপৰ তেজ সংগ্ৰহ কৰা অতি কঠিন হৈ পৰে।সেই উদ্দেশ্য লৈ কিছুমান সহায়ক আগোৱাই আহিছে অসহায় মানুহক তেজ দান কৰি জীৱন বচোঁৱাৰ ক্ষেত্ৰত। emergency blood service and ray of life নামৰ এই বেচৰকাৰী সেচ্ছা সেৱক সংস্থাটোৱে লৈছে অগ্ৰনী ভূমিকা।২০১৯ চনত আত্মপ্ৰকাশ কৰা এই সংস্থাটোৱে চলাইছিল এই ৰক্তদান কৰা।প্ৰথমতে সংস্থাটোৱে চৰকাৰী স্বীকৃত নপোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পৰবৰ্তীকালত সংস্থাটোৱে চৰকাৰী স্বীকৃতি লাভ কৰে।

বৰ্তমানে সংস্থাটোৰ মোট সদস্য সংখ্যা ৪১২৫ জন।ত্ৰিপুৰাত ৩২০০ জন,অসমত ১০০ জন, পশ্চিমবংগত ২৫ জন,বাংলাদেশত ৮০০ জন সদস্য আছে।এই সংস্থাটোৱে যেনেকুৱাই মানুহক ৰক্তদান কৰি সহায়ক হয় লগতে ৰাইজকো সচেতন কৰে ৰক্তদান কৰাত।ৰক্তদান জীৱন দান।এতিয়ালৈ সংস্থাটোৱে মোট ৪২৬০ জন ৰোগীক ৰক্তদান কৰি জীৱনদান কৰে।তদুপৰি অসমৰ এক যুবতী আগৰতলাত অসুস্থ হৈ পৰে।

পিছত যুৱতীগৰাকীৰ পৰিয়ালে IBS নামক বেচৰকাৰী সংস্থাটোৰ সন্ধান পাই সংস্থাটোৰ লগত যোগাযোগ স্থাপন কৰে।ততাতৈয়াকৈ সংস্থাটোৰ কেইজনমান সদস্য উপস্থিত হৈ যুবতী গঢ়াকীক ৰক্তদান কৰি উপকৃত কৰে।লগতে অসুস্থ যুবতী গঢ়াকীয়ে সুস্থ হৈ সংস্থাটোক ভূয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.