ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন, মুছলমান ধৰ্মগুৰুক ৮৫০০ বছৰৰ কাৰাদণ্ড

তেওঁ ইস্তানবুলৰ ‘ৰাম ৰহিম’। ডেৰা সচা সৌদাৰ মুৰব্বীৰ যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিলে। এতিয়া সুদূৰ ইস্তানবুলৰ এজন স্বঘোষিত মুছলমান ধৰ্মগুৰুক শাস্তি দিয়াৰ গোচৰটোৱে ৰাম ৰহিমক সোঁৱৰাই দিলে। আদালতে আদনান অক্তাৰ নামৰ মৌলবীজনক ৮ হাজাৰ ৬৫৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০২১ চনত তেওঁক ১৭৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। এইবাৰ পুনৰ বিচাৰত ৮ গুণ বৃদ্ধি পালে শাস্তি! অক্তাৰৰ বাহিৰেও আন ১০ জনক একে শাস্তি প্ৰদান কৰা হৈছে।

জনা যায় যে অক্তাৰে আগতে এটা টিভি শ্ব’ কৰিছিল। সকলো সময়তে তেওঁক আগুৰি আছিল সুন্দৰীয়ে। যাক তেওঁ ‘মেকুৰীৰ পোৱালি’ বুলি কৈছিল। মৌলবীজনে তেওঁৰ শ্ব’ত ৰক্ষণশীল মূল্যবোধ শিকোৱা দেখা গৈছিল। সেই সময়ত গধুৰ মেকআপ কৰা যুৱতীসকলে তেওঁৰ চাৰিওফালে সকলো সময়তে ঘূৰি ফুৰিছিল।

অক্তাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতন, নাবালকক নিৰ্যাতন, প্ৰতাৰণা আদিৰ অভিযোগ উত্থাপন হৈছে। ৰাজনৈতিক আৰু সামৰিক চোৰাংচোৱাগিৰিৰো দোষী সাব্যস্ত হৈছে। যোৱা বছৰ অক্টাৰক শাস্তি প্ৰদান কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ে সেই শাস্তি বাতিল কৰিছিল। কিন্তু এইবাৰ পুনৰ বিচাৰত এই শাস্তি লাভ কৰিলে ৬৬ বছৰীয়া মৌলবীগৰাকীয়ে।

ৰাম ৰহিম আৰু এই ধৰ্মগুৰুজনৰ মাজত সাদৃশ্য বিচাৰি পোৱাটো আচৰিত কথা নহয়। হাৰিয়ানাৰ পঞ্চকুলা আদালতে ডেৰাৰ দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহে ৰাম ৰহিমক। এই ঘটনা পোহৰলৈ আনিবলৈ এজন সাংবাদিকক হত্যা কৰিব লগা হৈছিল। এই হত্যাকাণ্ডত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছে। লগতে ২০০২ চনত ডেৰাৰ মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ দোষীৰ তালিকাত তেওঁৰ নাম আছে। ৰাম ৰহিমে আগতে ডেৰাৰ ভিতৰতে মুক্ত যৌন জীৱন কটায়ছিল।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment