নিজ শৰীৰক তুচ্ছ ভাবি দেশৰ জনতাৰ স্বাৰ্থত নিজ শৰীৰ উছৰ্গা কৰিছিল যুৱকজনে

গোলাঘাট জিলাৰ অন্তগত নুমলীগড়ৰ দাঁতিকাষৰীয়া ফলঙনীৰ বাসিন্দা এজন সুঠাম যুৱক । তেওঁৰ বয়স প্ৰায় ২৩/২৪ বছৰ ।এই ভৰ যৌৱন বয়সতেই নিজৰ জীৱনকো তুচ্ছ ভাবি লোকৰ হিতৰ তথা দেশৰ কাৰণে নিজ জীৱন উৰ্ছগা কৰিছিল সেই সময়ৰ গোলঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোজীৰ ওচৰত কৰুণা ভেকচিন প্ৰতিষেধক পৰিক্ষণৰ বাবে । দধীচি মুনীয়ে স্বৰ্গৰ দেৱতাক ৰক্ষাৰ বাবে নিজ অস্থি দানেৰে দেৱকুলক ৰক্ষা কৰাৰ দৰেই দেশৰ জনতাৰ স্বাৰ্থত নিজৰ জীৱন তথা নিজ শৰীৰক তুচ্ছ ভাবি দেশৰ জনতাৰ স্বাৰ্থত নিজ শৰীৰ উছৰ্গা কৰা মহান যুৱকজন হ’ল ফলঙনীৰ ধ্ৰুৱজ্যোতি শইকীয়া। সকলো দিশত জড়িত ধ্ৰুৱই এইবাৰ ৰাইজৰ বাবে আগবঢ়াব এখনি উপন্যাস ” অগস্তুি যাত্ৰা ” । অহা ২০ নবেম্বৰত উপন্যাসখন গোলাঘাট গ্ৰন্থ মেলাত প্ৰকাশ পাব। সকলো ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে ধ্ৰুৱ জ্যোতি শইকীয়াই ।

AssambollywoodDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment