শিলিগুৰিত মঞ্চতে অসুস্থ হৈ পৰে নীতিন গাডকাৰী

উত্তৰ বংগ ভ্ৰমণৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। মঞ্চৰ পৰা নামি আহি তাৰ অসুখ অনুভৱ হ’ল। সূত্ৰ অনুসৰি তেওঁৰ চেলাইন চলি আছে। সেউজীয়া কৰিডৰৰ মাজেৰে তেওঁৰ বাবে এজন ডাক্তৰ অনা হৈছে।

বৃহস্পতিবাৰে শিলিগুৰিৰ শিৱমন্দিৰৰ পৰা সেৱকৰ চাউনীলৈ যোৱা এটা দীঘলীয়া পথৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল তেওঁ।দাৰ্জিলিং জংচনৰ সমীপৰ দগাপুৰ খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠান। মঞ্চত অসুস্থ অনুভৱ কৰি আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। গতিকে অনুষ্ঠানটো সোনকালে বন্ধ কৰি দিয়া হয়।

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ব্লাড চুগাৰৰ মাত্ৰা হ্ৰাস পোৱাত গ্ৰীণ ৰুমতে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে শিলিগুৰিৰ এজন চিকিৎসকক গ্ৰীন ক’ৰিডৰেৰে তেওঁক চাবলৈ লৈ যোৱা হয়।

পিছত দাৰ্জিলিঙৰ পৰা বিজেপিৰ সাংসদ ৰাজু বিস্তা নিতিনৰ সৈতে গাড়ীৰে ঘৰলৈ ৰাওনা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মাটিগৰাৰ ঘৰত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment