২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এই নিৰ্বাচনী প্ৰচাৰত কন্যা ইভাংকা ট্ৰাম্পৰ সমৰ্থন বিচাৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইভাংকাই কয় যে তেওঁ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। যদিও ইয়াৰ পূৰ্বে তেওঁ ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ উপদেষ্টা আছিল। ২০২৪ চনৰ পৰৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী হিচাপে যুঁজিব বিচাৰিছে ট্ৰাম্পে।