Daily Time Axom

আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজোতি বিদ্যালয়ৰ লাচিত দিৱস উদযাপন

0 48

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত এখন আদৰ্শ গাঁও । কংক্ৰিটৰ মহানগৰীত‌ কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা হৈছে গাঁওখন । অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য তথা মহাপৰাক্ৰমৰ অম্লান প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আমিনগাঁৱত গঢ়ি তোলা হৈছে কৃত্ৰিম আদৰ্শগাঁও। কংক্ৰিটৰ মহানগৰীত হেৰাই যোৱা এখন অসমীয়া গাওঁৰ প্ৰাঞ্জল ছবি ডাঙি ধৰা হৈছে গাঁওখনত। গাওঁখনত উপলব্ধ বাহঁ- বেতেৰে তৈয়াৰী গ্ৰাম্য জীৱনৰ বিভিন্ন ঘৰুৱা সজুঁলি, বিভিন্ন প্ৰজাতিৰ ধানৰ বীজ, নামঘৰ, অসমীয়া সাজ-পোছাক, নাম-প্ৰসঙ্গকে ধৰি গ্ৰাম্য জীৱনৰ বহু চহকী নিদৰ্শন। আচলতে এই কৃত্ৰিম গাওঁ খন সৃষ্টি কৰা হৈছে আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজোতি বিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত। এই বিদ্যালয়খনৰ দ্বাৰ উন্মোচন কৰি নষ্টালজিক হৈ পৰিল ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু। শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে গাঁৱৰ প্ৰতিটো মুহুৰ্তই তেওঁক হেৰাই যোৱা শৈশৱলৈ মনত পেলাই দিছে।
উল্লেখ্য লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি বিদ্যালয় খনত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীৰ অন্যতম সংযোজন আছিল এই বিশেষ গাওঁখন । বিদ্যালয় খনৰ অধ্যক্ষ ড’ দিগন্ত হালদাৰে উল্লেখ কৰে যে মহাবীৰ জনাৰ জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক জাতীয় প্ৰেমেৰে উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে ।

Leave A Reply

Your email address will not be published.