ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ মঞ্চত কিমৰ কন্যাকো একেলগে দেখা গ’ল

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ ভগ্নী বা পত্নীক ৰাজহুৱাভাৱে দেখা গ’ল যদিও প্ৰথমবাৰৰ বাবে তেওঁৰ কন্যাক দেখা গ’ল। শুকুৰবাৰে বেলিষ্টিক মিছাইল উৎক্ষেপণৰ উপলক্ষে পিতৃ-কন্যাক একেলগে দেখা গৈছে। দেশৰ প্ৰধান বাতৰি কাকত ‘ৰোডং চিনমুন’ত প্ৰকাশিত ছবিখন। কিমক কন্যাৰ হাতত ধৰি খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁলোকৰ আঁৰত নতুন ধৰণৰ পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল।

প্ৰায় এমাহ ধৰি ৰাজহুৱা স্থানত দেখা পোৱা নাই। কিম অৱশেষত শুকুৰবাৰে ক্ষেপণাস্ত্ৰ নিক্ষেপৰ তদাৰক কৰিবলৈ একনায়কত্ববাদীজন নিজেই আহিল। উত্তৰ কোৰিয়াৰ কাকতখনে দাবী কৰিছে যে কিমে কেৱল নিজৰ কন্যাই নহয়, পত্নীকো লৈ আহিছিল। জানিব পৰা মতে, পিয়ংইয়াং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নিক্ষেপ কৰা আইচিবিএম ‘হৱাছং-১৭’ ক্ষেপণাস্ত্ৰ ৬,৪১ কিলোমিটাৰ উচ্চতাত উপনীত হৈ ৯৯৯ কিলোমিটাৰ দূৰত বাগৰি পৰে।

প্ৰসংগক্ৰমে উত্তৰ কোৰিয়াই আমেৰিকাক লক্ষ্য কৰি আইচিবিএম ‘হৱাছং-১৭’ৰ উৎপাদন আৰম্ভ কৰিছিল। এতিয়া ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ চলি আছে। অনুমান কৰা হৈছে যে পিয়ংইয়াঙে আমেৰিকাৰ গুৰুত্বপূৰ্ণ চহৰসমূহত পাৰমাণৱিক আক্ৰমণ চলাবলৈ আইচিবিএম ‘হৱাছং-১৪’ প্ৰস্তুত কৰিছে। ইয়াৰ পূৰ্বে ৬০০০ কিলোমিটাৰ দূৰত্বৰ ‘হৱাছং-১২’ৰ সহায়ত কিমৰ দেশৰ উত্তৰ প্ৰান্তৰ পৰা আমেৰিকাৰ আলাস্কা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুৱামলৈ আক্ৰমণ চলোৱা সম্ভৱ হৈছিল। জাপানে দাবী কৰিছে যে উত্তৰ কোৰিয়াই নতুন ক্ষেপণাস্ত্ৰৰ সহায়ত জো বাইডেনৰ দেশৰ এক বৃহৎ অঞ্চলক লক্ষ্য কৰি লৈছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ কিমৰ দেশখনে কি কাম আৰম্ভ কৰিছে তাক লৈ জাপান আৰু দক্ষিণ কোৰিয়া চিন্তিত হৈ পৰিছে। দেশৰ জনসাধাৰণৰ মাজত আতংক বিয়পি পৰিছে। ছিউলে কয় যে আমেৰিকাৰ সৈতে যৌথভাৱে কিমৰ সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰি আছে। শুকুৰবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে বেংককত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অষ্ট্ৰেলিয়া, কানাডা, জাপান, নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment